পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
নল-দময়ন্তী।


নিৰ্জ্জন বনত ফালি লৈয়া অৰ্দ্ধসাড়ী।
কোন দোষে এড়ি গৈলা নিদ্ৰাতুৰা নাৰী
যেই দেশে যেই গ্ৰামে কৰিবা গমন।
এই কথা জিজ্ঞাসিবা প্ৰতি জনে জন॥
ইয়াৰ উত্তৰ যদি দিয়ে কোন জন।
শীঘ্ৰে আসি মোক তেবে কহিবা কথন॥
নলৰ সম্বাদ মোক যিবা আনি দিব।
নিশ্চয়ে জানিবা সেই ভৈমীক কিনিব॥
এত শুনি বিপ্ৰগণ কৰিলা গমন।
বহু-দেশ ভ্ৰমি কৰে নলে অন্বেষণ॥

⸻:0:⸻



নলৰ উদ্দেশ।



পৰ্ণাদ নামেৰে এক ব্ৰাহ্মণ কোৱঁৰ।
আসি বৈদভীক তেবে কহে সমাচাৰ॥
দ্বিজ বোলে শুনা আই বচন আমাৰ।
নানা দেশ দেশান্তৰে ভ্ৰমিলো অপাৰ॥
শেষত কৰিলো মই অযোধ্যাত গতি।
ঋতুপৰ্ণ ৰাজা তৈত ধৰ্ম্মে যাৰ ৰতি॥
যি দৰে বুলিলা তুমি কহিলো ৰাজাক।
উত্তৰ নিদিলা ৰাজা পাত্ৰ মিত্ৰ ঝাক॥