পৃষ্ঠা:নল-দময়ন্তী-চৰিত্ৰ.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
নল-দময়ন্তী।

মই চলাইলে ৰথ  ছয় মাসেকৰে পথ;
  ছয় দণ্ড কালে কৰে গতি॥
ৰাহুকৰ কথা শুনি,  হৰষিত নৃপমণি;
  আশ্বাসিয়া ৰাখিলা তাহাক।
যত অশ্বপাল মোৰ,  অধীনে থাকিব তোৰ;
 আজি ধৰি ভাৰ দিলো তোক॥
দ্বিজ পূৰ্ণকান্ত নাম,  ডিবৰুগড়ত ধাম;
  পদছন্দে ভণিলা আখ্যান।
শুনা সভাসদ লোক,  ৰাম নাম ঘুষিয়োক;
 নাহি আত পৰে পুণ্য আন॥
দশ দিন অৰণ্যত ভ্ৰমি নানা ক্লেশে।
অযোধ্যাত বঞ্চে নল অতি দীন বেশে॥
অন্ন জল সুৰুচয় পত্নীক ভাবিয়া।
দিবা ৰাত্ৰি চিন্তে কৈক গৈল মোৰ প্ৰিয়া॥
নেজানোহো কি কৰিলা মোৰ অবিহনে।
অনাহাৰে একাকিনী আছে কোন স্থানে॥
ভয়ঙ্কৰ সিংহ ব্যাঘ্ৰ সমাকুল বনে।
মই নৰাধমে তেবে এড়িলো কি মনে॥
পতিব্ৰতা পুত্ৰৱতী অনুৰক্তা মোত।
হেন ভাৰ্য্য়া এড়ি জীৱন্ততে মৃত্যুৱত॥

⸻:0:⸻