পৃষ্ঠা:নন্দী-সম্বাদ.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৪)

কিন্তু বস্ত্ৰে দুইকো কবাইবেক ব্যবধান।
প্ৰথমে কৰিবে কন্যা পুষ্প মালাদান॥
মুখচন্দ্ৰ পাঠ বৰে ত্ৰিবাৰ কৰিব।
নাৰীগণে লাজা পুষ্পাক্ষত বৰষিব॥
হাসিৰস নাৰীৰ আনন্দ কৰ্ম্ম যত।
সিকালে কৰিব বাপু কহিলো সাম্প্ৰত॥
আচ্ছাদন গুচাই দুইকো দুই সখি ধৰি।
নিজাসনে বৈসাইবেক এক কোন কৰি।
লগ্ন গ্ৰণ্ঠি বান্ধিবে বিশিষ্ট বস্ত্ৰ আনি।
অগুৰু সুগন্ধ ধূপ লগাইবেক আনি॥
দুই পঞ্চামৃত পাত্ৰ দুইৰো আগে দিব।
পিধান গুচায়া তাক দুয়ো আলোড়িব॥
তত্ত্ব মুদ্ৰা ধৰি তাক কৰিবেক ঘ্ৰান।
নিজ ত্ৰিপঞ্চক তাত কৰিব নিধান॥
পাচে সেহি পাত্ৰক সলায়া পৰম্পৰে।
ঘ্ৰান কৰি ত্ৰিপঞ্চ ৰাখিব অভ্যন্তৰে॥
পূৰ্বে যি কহিলো তাক মনত ভাবিব।
এহি মতে সংক্ৰম ত্ৰিবাৰ আছৰিব॥
সিকালে উৰূলি জয়ধ্বনী সংখৰব।
ঘণ্টা আদি বাদ্যচয় সঘনে বজাব॥
পাচে কন্যা হস্তৰ ওপৰে বৰ হাত।
ভৃঙ্গাৰৰ জল সখি সবে দিব তাত॥