সেহি বাক্য শুনি বুঢ়ি বুলিবেক ৰাগি।
অষ্ট গন্ধ মহীমা নজান মন্দ ভাগী॥
ইটো অষ্ট গন্ধৰ প্ৰভাবে যদুপতি।
দ্বাৰকাত লভিলেক ততেক সন্ততি॥
হৰগৌৰী দুজনাৰ হৈল সুভ সতী।
কুবেৰেও পালে জানা তেনুৱা সম্পত্তি।
বিবাহৰ পূৰ্ব্ব বিনে এহি অষ্ট গন্ধে।
যেহি বৰ কন্যা কৰে তিলক প্ৰবন্ধে॥
আৰু বিবাহৰ দিনে অষ্ট গন্ধ জলে।
যদি বৰ কন্যা স্নান কৰে কুতূহলে॥
গ্ৰহ দোষ দৈব দোষ নৃপতিৰ ৰোষ।
সব দোষ গুছি হৱে মনত সন্তোষ॥
সম্পত্তি সন্ততি ৰতি শক্তি অতীশয়।
সৰ্ব্বদায়ে বাঢ়ে তাৰ কহিলো নিশ্চয়॥
হেন শুনি তাইব অষ্ট গন্ধক ৰাখিব।
ধনে বস্ত্ৰে সন্তোষিয়া গৃহক পান্ধিব॥
পাছে সাত পাঞ্চ আয়তীয়ে যত্ন কৰি।
তাহাক বাটিব ভালে পটা পুত্ৰ ধৰি॥
নানা বাদ্য ভণ্ড ঘণ্টা উলুধ্বনী কৰি।
কন্যাক তিলক দিবে হৰগৌৰী স্মৰি॥
বিবাহ দিনক লাগি অৰ্দ্ধেক ৰাখিব।
এহি কৰ্ম্ম বৰৰো মাতৃয়ে আছৰিব॥