পৃষ্ঠা:নন্দী-সম্বাদ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৯)

পাচে চিত্ৰসেনে নাৰদত নিগদতি।
কোন অষ্ট গন্ধ মোক বুজায়ো সম্প্ৰতি॥
কস্তুৰি কুঙ্কুম কূড় মুঠ গোৰোছন।
অগুৰু হৰিদ্ৰা শুদ্ধ গন্ধ গাথিয়ন॥
বিয়াৰ মঙ্গল বাপু এহি অষ্ট গন্ধ।
কৈবো আত পৰে শুনা শেষ কথা বন্ধ॥
সেহিৰুপে মাতৃয়ে কন্যাক অধিবাসি।
পুহাইবে ৰজনী মহোৎসবে হাসি লাসি॥
উষা সময়ত কৰি উৰূলি মঙ্গল।
কন্যাক দৈয়ন দিবে আয়তী সকল॥
পাচে দিবাভাগে মহা মহোৎসব কৰি।
মাতৃগণে তীৰ্থ জল আনিবেক ভৰি॥
মিঠি আমলকি তিল শৰ্ষপ হালধি।
মাষ মুষ্ঠ নলি এই অষ্ট মহৌষধি॥
মিহলি কৰি গন্ধ তৈল সহিতে ঘঁশিব।
সখি গণে উৰূলি মঙ্গল আছৰিব॥
অষ্ট গন্ধ মিশ্ৰ জলে কৰাইবেক স্বান।
কৰাইবে কন্যাক দীব্য বস্ত্ৰ পৰিধান॥
নানা মতে উৰূলি মঙ্গল আছৰিব।
সখিগণে নানা ৰঙ্গে আমোদে খেলিব॥
নানা ৰত্ন অলঙ্কাৰ পিন্ধাবে যতনে।
কেশ বেশ কৰাবে যতেক সখিগণে॥