ৰেণু--মই এটা উপায় দেখিছোঁ ককাই।
লেহে—উপায়। কি উপায় আই?
ৰেণু--মোক ৰজাৰ কাৰেঙত লিগিৰি সুমাই দিয়া ককাই; তাৰ পিছত চাই থাকা মই কি কৰোঁ।
লেহে--কাৰেঙৰ লিগিৰি! কেচা সোণ মোৰ, তোক মই জিয়া জুইত পেলাই দিম। এনে কথা সপোনতে নেভাবিবি আই। সিহঁতৰ কাৰেং! তাত ছাগে বাঘে একে ঘাটে পানী খায়। তোৰ এই সোণৰ প্ৰতিমা সিহঁতৰ চকুত পৰিলে—
ৰেণু—মোকে তাকে লাগে ককাই। মই সিহঁতৰ কাৰেঙত সোণ-গুই সোমাম। তিল তিলকৈ ৰজা ৰাজ-কোঁৱৰ সকলো ভস্ম কৰিম।
লেহে—কিন্তু
ৰেণু—ইয়াত কিন্তু নাই ককাই। তুমি ভাবিছা মোৰ এই ৰূপ যৌৱনৰ কথা। তাৰ অন্ত্ৰ মোৰ আছে ককাই।
(হাতৰ হীৰাৰ আঙঠি আৰু ককালৰ কটাৰী দেখুৱায়)
যদি আইৰ অন্তিমৰ এআষাৰ কথা ৰাখিব নোৱাৰোঁ মোৰ এই ৰূপ এই যৌৱনেই বা কিয়? এই ৰূপ—এই যৌৱনেই মোৰ অস্ত্ৰ ককাই। ইয়াৰ সহায়েৰেই মই মোৰ পিতৃহত্যা মাতৃহত্যাৰ প্ৰতিশোধ লম। মোক লিগিৰি সুমাই দিয়া ককাই। বাহিৰত তুমি সহায় থাকিবা। ভিতৰত থাকি মোৰ কাম মই কৰি থাকিম।
লেহে—পাৰিবি?