সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
[ ১ম অঙ্ক
নগা কোঁৱৰ


পূৰ্ণিমাৰ জোন যেন মোৰ বোপাই! ইমান দিনে তোৰ দৰে এখানি প্ৰতিমা—মই বোৱাৰী পালোঁহেতেন। তেতিয়া মোৰ বোপায়ে কাছুটি পিন্ধিছে মাথোন! উস! মোৰ তেনে লৰা—মোৰ বুকুৰ কলিজা আজুৰি চিঙি লৈগৈ জীয়াই জীয়াই মৈদামত পুতি থলে। ৰজাৰ কোঁৱৰ মৰিল—লগত উমলিবলৈ মোৰ বোপাইক লিগিৰ দিলে। এনেকুৱা ৰাক্ষস ইহঁত! তথাপি সিহঁতৰে যেনি তেনি জয় জয় ময় ময়। মোক যি বেজাৰ ৰাক্ষসহঁতে দিলে তেনে বেজাৰ যেন সিহঁতেও পায়। তাৰে চেগ্ বিচাৰি ফুৰিছোঁ আজি সোতৰ বছৰ। সেই বাঞ্ছা দুগুণে বাঢ়িল সেইদিনা—যিদিনা তোক দহ বছৰীয়া এখুদমান ছোৱালী ৰাক্ষসৰ অত্যাচাৰ সহিব নোৱাৰি নিজৰ মাৰে কাটিবলৈ দা ডাঙি লৈছিল। তোৰ মাৰৰ মৰিবৰ সময়ৰ সেই অজ্ঞাকে সাৰোগত কৰি আজিও এই দেহ ৰাখিছোঁ। সেই দিনাৰ পৰাও চাওঁতে চাওঁতে পাঁচ বছৰ উকলি গ'ল। এখুদমান ছোৱালী তই এতিয়া গাভৰু হলিহি। মই কিন্তু একো কৰিব নোৱাৰিলোঁ। যেনি গৈছোঁ য’তে চেষ্টা কৰিছোঁ ব্যৰ্থ হৈছোঁ। কোছ, কছাৰী, জয়ন্তী, আইতনীয়া, পানীনৰা এটাইৰে ওচৰলৈ গলো, এটাইকে আহোমৰ নিষ্ঠুৰ অত্যাচাৰৰ কথা কলোঁ,— এটাইকে আহোমৰ ভিতৰুৱাল অৱস্থাৰ কথা কৈ আক্ৰমণ কৰিলে সকলো ৰকমৰ সহায় দিম বুলি প্ৰতিজ্ঞা কৰিলোঁ। কোনেও আহোমৰ লগত যুঁজিবলৈ সাহ নকৰিলে। এতিয়া কি কৰোঁ।