চেংলুং—আই, আই মোৰ জিভা খহি যাব! সেই কথা ভবাৰ আগেয়ে মোৰ মূৰত বজ্ৰাঘাত হব!
নঃ কুঃ—সেই দিনা তই মোৰ জঠৰত! সাত মাহ তোক ধাৰণ কৰিছোঁ! পৰ্ব্বতীয়া নগা নামিছিল। জীৱনত সেই দিনাই প্ৰথম নগা দেখিছিলোঁ! এবাৰ সোধা নাই (কান্দে) চুলিত ধৰি আনি এই খুণবাওক গতাই দিয়ে।
চেংলুং—পিতা—পিতা! আই! আই! কোন সি ৰাক্ষস! তাক হত্যা কৰোঁতা নোলালনে?
নঃ কুঃ—মহা পাপ! তেনে কথা উচ্চাৰণ কৰিব নেপায় বাছা! ৰাক্ষস হলেও সেয়ে তোৰ পিতা!
চেংলুং—আততায়ী অত্যাচাৰীক বধ কৰিলে একো পাপ নহয় আই! পিতা হলেও সি ৰাক্ষস সি আততায়ী! কোৱা আই কোন সেই ৰাক্ষস! ক’ত সি পিশাচ।।
নঃ কুঃ—ক’ম। তাৰ আগেয়ে শুন বাছা মোৰ কি হ’ল! হয়তো আৰু কবৰ সুযোগ নেপাম।
চেংলুং—কোৱা—কোৱা আই। তাৰ পিছত।
নঃ কুঃ—তাৰ পিছত মনত পৰে মূৰ ঘূৰাই পৰি গলোঁ। যেতিয়া চেতনা হয়, দেখোঁ এই পঁজাৰ ভিতৰত মাটিত শুই আছোঁ। আজি কুড়ি বছৰ এই পঁজাৰ তলত। বৰ গছৰ আশ্ৰয়ত থকাদি আজি কুড়ি বছৰ খুণবাওৰ আশ্ৰয়ত থাকি তোক ইমানটো কৰি তুলিছোঁ। ঘৰৰ মূধেদি জুৰি বৈ গৈছে সিও খুণবাওৰ অনুগ্ৰহত। তাৰ পিছত! তই তেতিয়া কেচুৱা! লুকু তেতিয়া হোৱা নাই। লুকুৰ বায়েকে তোক