নঃ কুঃ—নাই থকা। এতিয়াৰ পৰা যে একেবাৰেই নেথাকোঁ খুণবাও।
খুণবাও—ক’ত যাপি দেউতা? আমাৰ অলে তুকে ক’তে যাপ নিদিয়ে!
নঃ কুঃ—ৰাখিব পাৰিবি খুণবাও! ইতো আহোমৰ ৰাজ্য নহয় যে মোক যাব নিদিয়াকৈ ৰাখিবি। ইযে তই মই কোনেও নেদেখা ৰাজ্য—যলৈ গলে কোনো উভটি নাহে।
খুণবাও—অঃ—
চেংলুং—আই! ইমান কথা কৈ যে তোমাৰ উশাহ লোৱাত কষ্ট হৈছে। কথা নকবা আই!
নঃ কুঃ—আজি কুড়ি বছৰে ইয়াতকৈ বেছি কষ্ট ভুগিছোঁ বাছা! যিদিনা তোৰ পিতাৰে মোক খেদি দিয়ে!
চেংলুং—(উচপ্ খাই) খেদি দিয়ে!
নঃ কুঃ—খেদি দিয়ে।
চেংলুং-অপৰাধ! তোমাৰ অপৰাধ আই!
নঃ কুঃ—অপৰাধ! [ কান্দি ] সন্দেহ! এই খুণবাওলৈ মোৰ আসক্তি বুলি সন্দেহ! বাছা মোৰ! পুত্ৰ মোৰ! ক বাছা যদি তোৰো সন্দেহ আছে!
চেংলুং—আই! আই! [ দাঁত কামুৰি তল মূৰ কৰে ]
নঃ কুঃ—এই ভয়তে ইমান দিন তোক কোৱা নাই বাছা, জানোছা তোৰা এই অভাগী মাকৰ ওপৰত সন্দেহ হয়। তেতিয়া যে মোৰ মৰণতে সুখ নোহাৱা হব। ক বাছা যদি সন্দেহ—