পৃষ্ঠা:নগা কোঁৱৰ.djvu/২৩৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
২২৩
নগা কোঁৱৰ

বেবেজিয়া, বৰহমপুৰ, বাৰপুজীয়া আদি গাৱঁৰ হত্যাকাণ্ড আৰু দৈনিক বিৱৰণী গোটাই, লেখি, ফট আদি লৈ তেখেতে আচুতিয়াকৈ ৰাখিছিল, এবাৰ নহয় দুবাৰ নহয়, তিনিবাৰকৈ মিলিটাৰীয়ে ঘৰলুৰুকি সেই বহুমুলীয়া কাগজ পত্ৰৰ সৈতে ছিলেট জেইলত লেখা গান আৰু নাটক সমস্ত ধুহিধাঁহি মসিমুৰকৈ কিছুমান নষ্ট কৰিলে আৰু কিছুমান লৈ গুচি গ'ল যিবিলাকৰ উদ্ধাৰ আৰু তেখেতে কৰিব নোৱাৰিলে।

 ১৯৪৩ চনত তেজপুৰ জেইলত থাকোঁতে তেখেতে “বিযাল্লিছৰ ছহীদ” আৰু “নাৱৰীয়াৰ সুৰ” বুলি এখন গানৰ কিতাপ লিখে।

 স্বাধীনতা লাভৰ পিছত স্বাধীন ভাৰতৰ চৰকাৰে তেখেতক পাবলিচিটি বিভাগত এটা চাকৰী দিছিল। সেই চাকৰী তেখেতে অতি অলপ দিন কৰাৰ পাছতেই চৰকাৰে সেই চাকৰী উঠাই দিয়াত তেখেত এইবাৰ চৰম দুৰৱস্থাত পৰে, এই সময়ত তেখেতৰ এটি লৰা কলেজত আৰু আনটি হাই স্কুলত পঢ়ে; ছোৱালীদুটিৰ এটিয়ে হাই স্কুলত আৰু আনটিয়ে L. P. স্কুলত পঢ়ে। এই শঙ্কট সময়ত তেখেতৰ চাকৰীটি যোৱাত তেখেতৰ দুখ দুৰ্দ্দশাৰ সীমা নাইকিয়া হ’ল। ভগ্ন স্বাস্থ্য আৰু ভাঙি পৰিল আৰু সেযে তেখেতৰ জীৱন চমুৱাই আনিলে।

 ১৯৫১ চনৰ জানুৱাৰী মাহৰ ৪ তাৰিখে পুৱা ৪ বজাত তেপেতে এই সংসাৰৰ দুখকষ্টৰপৰা হাত সাৰি স্ত্ৰী, পুত্ৰ, কন্যা, ভাই ককাইক কন্দুৱাই কোনোবা শান্তিৰ ৰাজ্য লৈ প্ৰস্থান কৰিলে।

 কবিবৰ শ্ৰীৰত্নকান্ত বৰকাকতিদেৰে বন্ধু বিয়োত “বন্ধুবৰ কবি” বোলা কবিতাটিত এইদৰে লেখিছে :-

......“যি গান বেদনা লই—
আহিছিলা তুমি
গানৰ পূজাৰী
হৃদয় উজাৰি