সমললৈ যাওক

পৃষ্ঠা:নগা কোঁৱৰ.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
নগা কোঁৱৰ

পাই স্বৰ্গীয় ভ্ৰাতৃৰ স্মৃতি ৰক্ষাৰ্থে “বাউলী” ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে। ইয়াৰ পিছত তেখেতে “নগা কোঁৱৰ”, “মৰাণ জীয়ৰী”, “খৰিভাৰীৰ ৰাজ্যলাভ,” “সৈৰিন্ধ্ৰী ,” “চিত্ৰাঙ্গদা”, “অৱসান” আদি নাটক লেখে। ইয়াৰে কিছুমান নাটক ছপাহৈ ওলাইছে আৰু কিছুমান এতিয়াও অপ্ৰকাশিত অৱস্থাত আছে।

 তেখেতৰ ভ্ৰাতৃবিয়োগৰ পিছত ব্যৱসায়ত হাত চিগাহৈ ঘৰতে পঢ়ি P. L. পাচ কৰে আৰু নগাও বাৰত “প্ৰেকটিচ” আৰম্ভ কৰে কিন্তু practice কৰি পোৱা সামান্য পইচাৰে তেখেতে অতিকষ্টেৰে চলিব লগাত পৰে। ইতিমধ্যে H. M. V. (Cal.) কোম্পানীয়ে নিৰ্দ্দেশ দিয়াত “বদ্ৰুবাহন” নাট লেখি নগাৱঁৰে কেইজনমান বচা বচা শিল্পীৰে সৈতে কলকতাত ৰেকৰ্ড কৰি আহে গৈ। ইয়াৰ আগতে তেখেতে কেইবাটাও গান ৰেকৰ্ড কৰিছিল। তেখেত ছিলেট জেইলত আবদ্ধ থাকোঁতে ভালেখিনি গান, “যুগল মিলন” বুলি এখন নাট আৰু কেইবাখনো নাট ৰচনা কৰি নিদিয়াকৈ ৰাখিছিল।

 অভাব অনাটনৰ মাজেদি সদায় চলিবলগীয়া হোৱাত মনৰ অশান্তি, অতিৰিক্ত খাটনি আৰু সেই অনুপাতে তাৰ ফল নোপোৱাত তেখেতৰ স্বাস্থ্য লাহে লাহে বেয়া হৈ আহে।

 তেখেতক বেয়া পোৱা মানুহ নাছিল; কাৰণ তেখেতৰ হৃদয় ইমান কোমল আছিল যে নিজৰ ক্ষতি স্বীকাৰ কৰিও বিপদগ্ৰস্তক সহায় কৰিছিল। নগাওঁ ড্ৰেমেটিক ক্লাবৰ তেখেত ধৰণী স্বৰূপ আছিল। তেখেতৰ দুটি পুত্ৰ আৰু দুটি কন্যাক তেখেতৰ মনোমত কৰি সঙ্গীত শিক্ষা দিছিল। দাৰিদ্ৰৰ হেঁচা তেখেতৰ বহুমুখী প্ৰতিভা বিকাশপথত চিৰকাল প্ৰতিবন্ধক হৈ আছিল।

 ১৯৪২ চনৰ আগষ্ট মাহৰ মাজভাগত নগাওঁ জিলা কংগ্ৰেছ কমিটিৰ সম্পাদকৰ ভাৰপ্ৰাপ্ত হৈ, বৃটিচ চৰকাৰৰ অত্যাচাৰৰ চৰম, নগাৱঁৰ