ইতিমধ্যে তেখেতে বহুত গান ৰচনা কৰে আৰু কেইবাখনো বঙ্গালী নাটক অসমীয়ালৈ অনুবাদ কৰি নগাওঁ নাট্য মন্দিৰত অভিনীত কৰায় আৰু নিজেও অভিনয়ত যোগদি যথেষ্ট খ্যাতি অৰ্জ্জন কৰে। তেখেত সুনিপুণ গায়ক আছিল আৰু চেতাৰ, এছৰাজ, বেহেলা, বাঁহী, তবলা, জলতৰঙ্গ আদি অনেক বাদ্যযন্ত্ৰ বজাব জানিছিল। তেখেতৰ সঙ্গীতৰ প্ৰভাবে বহুতক মোহিত কৰিছিল আৰু যি মানুহে এবাৰ তেখেতৰ সংস্পৰ্শত আহিছিল তেৱেঁই তেখেতক জীৱনত পাহৰিব নোৱাৰিছিল। কবিবৰ শ্ৰীৰত্নকান্ত বৰকাকতিদেৱ তেখেতৰ অকৃত্ৰিম বন্ধু আছিল আৰু তেখেতৰ লগত সেই সময়ত অঃ আঃ উঃ সাঃ সভাত যোগদি উক্ত সভাবিলাকৰ অধিবেশন বিলাক গানে বাজনাই উপাদেয় কৰি তুলিছিল। নগাৱত অনুষ্ঠিত হোৱা যি কোনো উৎসব, সভা, সামভি, বিদায়-মেলা ইত্যাদিত তেখেতে ততালিকে সমমোপযোগী কৰি ৰচনা কৰি দিয়া গান, কবিতা বা আবৃত্তি নহলে সেই সেই উৎসব কেতিয়াও সম্পূৰ্ণ নহৈছিল।
১৯২১ চনত অসহযোগ আন্দোলনত যোগদি চৰকাৰী চাকৰী ইস্তফা দিযাত নগাৱঁত প্ৰথম আছিল ভট্টাচায্যদেৱ। তেখেতৰ এজন ভায়েকে এই সময়ত কটন কলেজত I. Sc. পৰীক্ষাৰ বাচনি পৰীক্ষা দিছিল, বাকী দুজনে ইংৰাজী স্কুলত পঢ়িছিল। এটাই কেউজন ভায়েকক তেখেতে কলেজ আৰু স্কুলৰ পৰা এৰুৱাই আনি অসহযোগ আন্দোলনত যোগ দিয়ালে আৰু ভায়েক ৺কেশবানন্দ ভট্টাচাৰ্য্যৰ সৈতে দুবাৰ জেল খাটে। জেলৰ পৰা ওলাই আহি দেখে যে সংসাৰ অচল , গতিকে উপায়ান্তৰ হৈ বেহা বেপাৰত হাত দিবলৈ বাধ্য হ’ল, সৰু ভায়েক দুজনক পুনৰ স্কুলত সুমাই দিলে। মাজু ভায়েক ৺কেশবানন্দই ককায়েকৰ লগতে সহায় হ'ল কিন্তু বিধি্ৰ বিধান ১৯২৭ চনত মিকিৰ পাহাৰত এডোখৰ অস্বাস্থ্যকৰ ঠাইত Black water fever হৈ তেখেতৰ মাজু ভাই ৺কেশবানন্দ ভট্টাচাৰ্য্যৰ অকাল মৃত্যু হয়। এই ভ্ৰাতৃ বিয়োগ তেখেতে বৰ মনোকষ্ট