পৃষ্ঠা:নগা কোঁৱৰ.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিখক পৰিচিতি

 স্বৰ্গীয় কমলানন্দ ভট্টাচাৰ্য্যৰ জন্ম হয় ইং ১৮৯৪ চনৰ ২ জুন তাৰিখে নগাৱঁৰ অমোলাপট্টিৰ ঘৰত। তেখেতৰ পিতৃৰ নাম ৺মহদানন্দ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম ৺ৰত্নেশ্বৰী দেৱী।

 সৰুৰে পৰা তেখেতৰ খেলাধূলা আৰু সঙ্গীতত ৰাপ আছিল আৰু স্কুলত পঢ়াদিনৰে পৰা গান আৰু কবিতা লেখিছিল। তেখেতৰ দেউতাকো সঙ্গীতজ্ঞ আছিল—তবলা, ক্লাৰিওনেট, বেহেলা আৰু চেতাৰ আদি বাদ্যযন্ত্ৰ বজাব জানিছিল। ইংৰাজী স্কুলত পঢ়া অৱস্থাতে ভট্টাচাৰ্যদেৱৰ পিতৃবিয়োগ হয় ১৯০৯ চনত। চাৰিটা লৰা আৰু তিনি জনী ছোৱালীৰে সৈতে তেখেতৰ মাতৃ সহায় সম্বলহীন হৈ যিদৰে ধৈৰ্য্য ধৰি দক্ষতাৰে নিজ বাহুবলেৰে (কটনা কাটি) চাৰিওটা লৰা পঢ়াই তিনিজনী ছোৱালী বিয়াদি আনৰ ওচৰত হাত ন পতাকৈ ঘৰ চলাইছিল ই সামান্য মানুহৰ কাম নহয়।

 ভট্টাচাৰ্যদেৱে ১৯১১ চনত মেট্ৰিক পাচ কৰি ১৯১৪ চনত কটন কলেজৰ পৰা এফ, এ পাচ কৰে। ইয়াৰ পিছত তেখেতে কলিকতাত বি, এ পঢ়েগৈ। কিন্তু ঘৰৰ অৱস্থা শোচনীয় হোৱাত তেখেতৰ মাতৃয়ে ইমান খৰছ যোগাব নোৱৰা হোৱাত বাধ্যহৈ বি, এ পৰীক্ষা নিদিয়াকৈ গুছি আহিব লগা হয়। সেই সময়তে নগাওঁ গৱৰ্ণমেন্ট হাই স্কুলত এজন শিক্ষকৰ কাম খালি হোৱাত ৫০ টকা দৰমহাত সেই কামতে ভৰ্ত্তি হবলৈ বাধ্য হয় আৰু অতি সুখ্যাতিৰে, সকলো ছাত্ৰ আৰু শিক্ষকৰ প্ৰিয় পাত্ৰহৈ ৭ বছৰকাল সেই চাকৰী কৰে। স্কুলত চাকৰী পোৱাৰ কিছুদিনৰ পাছতেই তেখেতৰ বিয়া যোৰহাটৰ স্বনামধন্য চাহ খেতিয়ক ৺সোমশ্বৰ শৰ্ম্মাদেৱৰ নাতিনিয়েকৰ লগত সম্পন্ন হয়।