পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৫৯ ] ] হিন্দি সুৰ ৷ ক'ত মোৰ প্ৰাণনাথ, ক'ত মোৰ হৰি। ক’ত মোৰ হৃদয়বিহাৰী, ক’ত মোৰ পাপতাপহাৰী ক’ত মোৰ প্ৰাণৰ শ্ৰীহবি, ক’ত শান্তি বাৰি ৷৷১৩০৷৷ দিয়। দেখা দীননাথ দিয়া দিয়া দিয়া মোক । ত্রাণ কৰা দীননাথ গুছুৱী সত্তাপ। তোমা বিনা কোনো নাই মোৰ দীননাথ । সংসাৰ সাগৰ ঘোৰে তাৰ৷ নাথ। পাপেতাপে মগ্ন এই চোৱাঁহে হিয়া। পাপ তাপ দূৰ কৰি ভকতি দিয়া ৷৷১৩১৷৷৷ ৰাগিণী ইমন্‌ কল্যাণ–তাল চৌতাল । তুমি নাথ সৰ্ব্বস্ব হে মোৰ । তোমা বিনা ই জগতত কোন কাৰ ? তুমি পিতা তুমি মাতা, তুমি গুরু জ্ঞানদাতা, তুমি হে জীৱন-দাতা জীৱন-আধাৰ ॥১৩২৷৷ বলিত—আড়া৷ আনন্দ সাগৰে আজি মনতত্ৰী ভাহি যায় । সকলোৱে ৰঙ্গমনে মুখে হবি গান গায়