পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৫৮ ] যাক তুমি কৰা সুখী, নিমিষে তাক কৰাঁ দুখী। অতুল দুখী হয় সুখী, কি লীলা তব নুবুজোঁ ॥ কোৱা হে, কোৱঁ৷ মোক হে, তোমাৰ ভৰিত ধৰোঁ ৷৷১২৭৷৷৷ সঙ্কীৰ্ত্তন। হৰিনাম বিনে কোৱা ভাই কি হ'ব পাৰে হে ? অপার সংসাৰ ধামে, নৰে কাৰ নামে তৰে হে ? পাপী তাপি জনে যদি, সেই অস্ত্র পায় হে। পাপতাপৰাশি অৱহেলে নাশি, জীৱন মুকুলি কৰেহে । (চিৰ কাললৈকে) সি নামৰ গুণে চোৱঁ৷ যত সাধুজন হে। নাশি মোহজাল, বিষয় জঞ্জাল, অনন্তে লীন হয় হে। DO (হৰি পদ সেবি)। দূৰে হিমালয়োপৰে, শুভ্ৰ গম্ভীৰতা হে । ধৰি ভাৱ ধীৰ, প্রকাশে তেওঁৰ, অব্যক্ত গম্ভীৰ প্ৰেম হে। ( যেন একে মনে ) ॥১২৮॥ সঙ্কীৰ্ত্তন। হবি! পাপী মই হীন মতি হে । কলুষিত অতি, দুষিত অতি,দুষিত মন,পূত কৰা প্ৰেম সিঁচি হে ॥ নাই সজ বুদ্ধি, সজ কামে মতি, ঘোৰ মই মহাপাপী হে। পৱিত্ৰ চেনেহে, সপ্ৰেম কটাক্ষে, সুখী কৰ৷ পাপীজনে । গুচুক এন্ধাৰ, কুমতি-কুঁৱলী, অধম ঘোৰ অতি। নিজে সুখী হওঁ, অনো সুখী হক তব প্ৰেমৰসে মজি ॥১২৯৷৷