পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 9 ] যাৰ নামৰ ভাৱত প্ৰেমৰ ৰসত সদায় মজি (বলীয়াৰ দৰে হে) শ্রীচৈতন্য, শ্ৰীশঙ্কৰ ফুৰিছিলে। যাৰ নামৰ বলে হই বলীয়ান আলিঙ্গনে। (প্ৰেমৰসে মজি) মহামন্ত্র হবিনাম দান কৰিলে । সেই মহা অস্ত্রে হই সজ্জিত আহা ভাই (আজি হে ) ঘোৰ বিপদ কাটি যাওঁ প্রেমধামে ॥১২৫॥ ভয় ৰো--একতালা । উঠা উঠা উঠা ভাই শুই আৰু কাজ নাই, বিপদ নহয় বহু দূৰে হে। শত্রু পক্ষ অগণন, অবিশ্বাস বিপুগণ, সকলোৱে আহিব অচিৰে হে ॥ হৰিনামক অস্ত্র, সাৰ কৰি শীঘ্ৰ হস্ত, ১ হ’ই কৰা নিৰ্ভয়ে ৰণ হে ॥ অচিৰে লভিব! জয়, নাই ভয় নাই ভয়, পা'ব বিপু সৱংশে নিধন হে ॥১২৬া ৰাগিণী বাগেশ্ৰী—তাল আড়া। ইকি লীলা খেলা নাথ বুজিব নোৱাৰোঁ। কোৱাঁ হে জগত নাথ, মিনতি কাকৃতি হে কৰোঁ ৷ দেখা পাওঁ কিয় মাজে, তব অপৰূপ সাজে, পুনু বিৰহৰ হ্রদে কিয় বিৱহত মৰে৷ ॥