পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[cy] আকাৰ সাকাৰ নিৰাকাবে, পূজা মন সদা ভক্তি ভাৱে পাপ-পিশাচ ভয়ে যাব দূৰে । ফুলিব হৃদয়-ফুল ধীৰে ধীৰে ৷৷ ১২৩ ৷৷ বাগ-কল্যাণ। প্ৰেমধাম বিন৷ ক’ত আক শান্তিস্থথ আছে ? সংসাৰৰ মায়৷ এৰি হৰি চৰণত ধৰি, ভকতৰ ব'লা পাছে পাছে ॥ ৷৷ পদ ৷৷ প্ৰেমৰ নদীটি পশি, সেই সোঁতত, দিয়। ঢালি মন প্রাণ দেহে । স্বৰ্গ দুৱাৰে গ’ই, তুলি দিব সেই সেঁতে, আনন্দধামৰ তীৰ দেশে ॥ সি নইত নাই ঘোব, হিংস্ৰক জলজন্তু, নাই কাম ক্রোধ বিপুচয়। যেয়ে তাত দিয়ে বাধা, তাকে হৃদয় মেলি, প্রেম-পানী দিব লাগে ভাই ॥ ১২৪ ॥ কীৰ্ত্তন। উঠা পৰম পিতার নাম গাওঁ আজি সুখে। শান্তি-হ্রদে সাঁতব মেলে। হাঁহি মুখে ॥ দূৰ গগণে বেলি পোনে চাই ধীৰে ( অটল বিশ্বাসে মজি) যাব সৃষ্ট ববি, তাক পূজে। হাস্য মুখে ॥ যাৰ নাম গান মত্ত মনে বীণা লই (বীণা যন্ত্রে সদা হে) নাৰদ দেৱে কৰিছিল, চতুৰ্দ্দিশে । যাৰ অন্ত নেপাই যত নব নাৰী (ব্যাকল ভাৱে সদা হে) প্রমে আকুল ভাৱে ব্যাকুল হয় বিচাৰি ৷৷