পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ * ] চোৱাঁ চকু মেলি, নাই দুখ একো, ভাই পুৱাল দুখ-ৰজনী ৷৷ “সন্তান সকল গা মোৰ নাম, এবি সংসাৰ জানি” —পৰম পিতাই মাতিছে আমাক, যেন মেঘগম্ভীৰ-গাজনি॥ এক মনে শুন। সবে সেই পৰমেশ মধুৰ-বাণী । —“গালে মোৰ নাম পাবি পৰিত্ৰাণ, পাবি সংসাৰে সবে তৰণী ॥” ॥১১৫৷৷ ৰাগিণী বিভাস—তাল একতালা। নমো দয়াময় পতিতপাৱন, পাপীগণ তাৰণ । অতুল কৃপা, বিতৰিছাঁ নাথ প্রাণীগণে দিয়৷ জীৱন ৷ ( তুমি দীন দয়াল দয়াশীল হে) পূজোঁ কৃতজ্ঞ হৃদয়ে, আজি নির্ভয়ে অভয় যুগল চৰণ। জীৱৰ জীৱন, নাথ নাৰায়ণ, জগত জনৰ আশ্রয় ( এবাৰ দিয়া প্রভু প্ৰেম-পোহৰ ) তুমি অগতিৰ গতি, ভকতি মুকুতি, চিন্তা, শোক নিবাৰণ ৷৷১১৬৷৷ ইমন বেহাগ—একতালা। কিয় হে ভাই এই জীৱন কটোৱ৷ হায় পাপ কামে ! অতি ক্ষণী ই জীৱন, ক্ষণজীবি ভৱধামে ৷৷ কিয় মূল্যবান, এই মানবজীৱন, বিফলে খেদোৱা হায় ! বিনা ঈশ প্ৰেম-পান। অসাৰ পাপকামে, কিবা সুখ ধৰা ধামে, চিৰ সুখ ঠেলি দূৰে, কিয় পূজঁ। ক্ষণ-সুখে ? ॥১১৭