পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 5 ] ॥ পদ ॥ কতশত মহাপাপ আচৰিলোঁ প্রভু, সি সবৰ স্মৰণে মনত দুখ পাওঁ। মহপাপে ভীষণ কৰাল মুখ মেলি, দেখুৱায় ভয় যেবে, তেতিয়া সমূলী নেথাকে মনত জ্ঞান ॥ ১১১ ৰাগিণী ছায়ানট—তাল ঝাঁপতাল । গভীর প্রেমে নিমগন, কৰাঁ হে মোৰ মন, পাহবে। হে যাতনা। শান্তি শান্তি বুলি সদা, মিছা চিয়ঁৰি ফুৰিছোঁ, মিছা বিড়ম্বনা ॥ নেলাগে একোকে, ধন জনে, সকলো যে যাতনা। সকলো অসাৰ তুমি সাৰ, প্রেম কৰে মনে কামনা ॥ যি মন সদা মগন, তোমাৰ প্ৰেমে অতুলন, একোকে কৰি, পাপ অবি, নোৱাৰে দিব যাতনা ৷৷ বুঝৱাহে দাসে, প্ৰেমবসে, ভক্তি-মৌ দিয়। বসনা। লোৱাঁহে তনু হৃদয় মন, গুচুর। কুবাসনা ॥ ১১২ ৷৷ ভজন ঠুংৰি । চোৱা প্ৰকৃতিৰ শৰীৰ মাজত কেনে মনোহৰ গঢ় ৷ হাতত লই নিজৰ অনুপম তুলি আঁকিছা কেনে মনোহৰ । আকাশে ৰাখিছা দেৱতা ভাস্কৰ কৰিবলই পোহৰ। পৃথিবীত থল৷ মহাসাগৰ হুজি, কৰিবলৈ পিয়াহ দূৰ। চপৰা চপৰি মেঘবিলাক আনি ৰাখিছ| কেনেথৰে থৰ । পৰ্ব্বতেৰে বেঢ়ি ৰাখিছ৷ পৃথিবী কৰি বিচিত্র শকত গড়। নৱ দ্বাৰ কৰি অপূৰ্ব্ব কৌশলে এক সাজিছ৷ কাৰেং ঘৰ ।