পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 49 ] ৰাগ বৰাড়ী । সৰ্ব্বভূত স্থিত, সবাৰে৷ বিধাতা, তুমি হে অকলে হৰি । তব কৃপা বিনে, নোৱাৰে মানবে, যাব ভৱ-ভয় তৰি ৷৷ হৰিৰ নামৰ ৰসৰ নদীটী, হৃদয় তলেদি বহে। ভকতি-পছম প্ৰেমৰ সোঁতত, হালিজালি তাতে ভাহে ৷ হৃদয় বিয়াপি প্ৰেমৰ মহিমা, হৃদয় ভেদিও পায়। সি সোতৰ আগে যত মহা পাপে, শক্তিহীন হই যায় । প্ৰেমত মজি, কত পাপীজনে, হৃদয় তাতে ভাই, প্রেম-সাঁতে গই, ভীষণ শবদে অন্তত সি পদ পায় ॥১০৯। ৰাগ কামোদ । সংসাৰত তুমিহে সাৰ, তোমা বিন৷ নাই নাই উদ্ধাৰ । ৷৷ পদ ৷৷ কীট পতঙ্গম সকলে৷ জীৱ, তোমাৰ অংশ হে সদাশিৱ । যতেক মায়া যতেক কায়া, সকলো হে প্রভু তোমাৰে ছায়া। তোমাতে স্থিতি তোমাতে লয়, উতপতি প্রলয় তোমাতে হয় । জগত জীৱন জগত প্রাণ, তুমিহে প্রভু তেজ জ্ঞান। তোমা বিন৷ নাই নাই আন, নমো নমস্তে হে ভগৱান ৷৷ ১১০ ৷৷ ৰাগ তুৰ বসন্ত । দিয়'। প্ৰভু দেখা দিয়। আজি অকিঞ্চন হে দিয়া দেখা দীনহীনে। অনুতাপে প্ৰভু সদ। দহিছে অন্তৰ হে,কৰা জুৰ প্ৰেম-পানী দানে ।। &