পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 46 ] এই হৰিনামে দুখ বিনাশে—জয় ভগৱান । শতমুখে গোৱাঁ সবে মধুৰ হৰিনাম || ১০২ ॥ ৰাগিণী খাম্বাজ-তাল চৌতাল। লোৱাঁহে প্ৰভুৰ নাম, বিশ্বপূর্ণ যাৰ প্ৰেম, ধীৰে যাৰ প্ৰেমগান হয় প্রচাৰিত জগতে। শত বিশ্বে যাৰ দয়া প্রকাশে, শতেক চন্দ্রে মহিমা বিঘোষে, যাৰ প্ৰেমৰ নামৰ ত্ৰাসে, পাপ তাপ যাৱে দূৰে । ভক্ত-হৃদয় অধিকাৰী, পাষণ্ড দমন হবি, পাই যাৰ পদ-তবী, অপাৰ সংসাৰ তৰে ৷ যাৰ ৰূপ জ্যোতিৰ্ম্ময়, তেজ পূর্ণ করুণাময়, সেই জনক সঁপি হৃদয় ব’ল৷ ভৱসিন্ধু পাৰে ৷৷ ১০৩ ৷৷ খাম্বাজ ভৈৰৱী–বৎ । বিৰাট ভীষণ মূৰতি ধৰি, দিয়। প্রভু আজি প্ৰেমৰ বাৰি, জুৰোৱ৷ পৰাণ, পাপৰ ভীষণ, মূৰতি দূৰ কৰি প্রচণ্ড প্রতাপে কৰাঁ শাসন, যতেক পুণ্যৰ অৰি ৷৷ জন্ম দিন ধৰি, কত পাপ কৰি, ভুগিছে হৃদয়ে হৰি ৷৷১০৪৷৷ বিভাস—ঝাঁপতাল। জয় জয় জগদীশ, জয় প্রভু পৰমেশ, জয় প্রভু প্ৰেমৰ আকৰ, অনন্ত সুখৰ মূল, আকৰ হে মঙ্গলৰ, জয় প্রভু নিত্য, নিৰ্ব্বিকাৰ। বহুগুণ শোভাযুত,নাথ তব অতি পূত, অব্যক্ত হে মহিমা অপাৰ ||