পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8¢ ] থাম্বাজ-কারালী।

বিপদ ভয় দুখ নিবাৰি, দেখা দি তাৰ। প্ৰভু মহাদেৱ, সংসাৰ সাগৰৰ নেদেখি পাৰ, বিবুদ্ধি হইছোঁ হে দীনবন্ধু, অকিঞ্চন দিয়াহে দয়া কৰি ৷৷ ১০০ ॥ কাফি-ঝাঁপতাল । এই জগতত পিতা তুমিয়েহে সাব । তোমা বিনা জীৱহীন নিখিল সংসাৰ ৷ —দয়াৰ সাগৰ । জোন, বেলি, তৰা বায়ু সৃজন তোমাৰ । একমেবাদ্বিতীয়ম্ নিত্য নিৰ্ব্বিকাৰ ৷৷.. তোমার তুলনা দিয়ে সাধ্য এনে কাৰ ॥ ৰচনা যাৰ বিশ্ব, অন্তহীন হে মহান। দীন দয়াল প্রভু কৃপাময় সৰ্ব্বেশ্বৰ । আনন্দধাম তুল্য কৰ। প্ৰভু সংসাৰ ॥ ১০১ সঙ্কীৰ্ত্তন। জয় জয় জয় ভগৱান। নাম স্মৰিলে পাপ ওছে, জয় ভগৱান। সেই নামৰ গুণে পাপীজনে পায় পৰিত্ৰাণ অধম পাপী তাপী হেৰাঁ বোলা ভগৱান। উচ্চাৰিহে হৰিনাম, হোৱ৷ বলীয়ান ॥