পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 48 ] নেজানো নাথ মাতিব, নেজানো নাথ হে কান্দিব, ম‍ই হৰি পাপাচাৰী, পাপতাপে মৰিলোঁ সমূলি ॥৯৭৷৷ সংসীৰ জালত আক নবহে মন নবহে । পাপৰ মিঠা মাতত মনে কাণ নিদিয়ে ৷৷ তোমাৰ সুন্দৰ, পৱিত্ৰ প্ৰেমৰ, ৰসে আজি মন বুৰি হে। পাহৰিলে সংসাৰৰ শোক তাপ দুখ আদি হে ॥ ব্যাকুল পৰাণে, খুজিছে তোমাৰ,মিলন—অনন্ত মিলন হে তোমাৰ বহল বুকুত মোৰ ক্ষুদ্ৰ প্ৰেম বাকি দিলোঁ হে ॥ সাগৰ-বুকত, নই পানী দবে, মই যেন মিলোঁ তোমাতে ৷৷ ৯৮ ৷৷ থাম্বাজ-একতালা । আজি শুভ দিনে, ব্যাকুল পৰাণে, মাতে৷ দয়াময়, উলাহ মনেৰে । প্রীতি-গছ হন্তে ভক্তি-ফুল ছিঙি । দিওঁ উপহাৰ সকলোৱে মিলি ॥ হৰিনাম তৰী সংসাৰ সাগৰে, মাতে৷ আজি সবে ব্যাকুল মাতেৰে, গই বুব হেৰ। ভক্তিপ্ৰেম-ৰসে ৷ লভিম সুন্দৰ সত্য-জ্ঞান-পোহৰ । হ'ম হে মুকলি মোহৰ ফান্দৰ ৷৷ ৯৯ ৷৷ -