পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[82] ৰাগ সুহাই—একতাল৷৷ জয় জয় দয়াল মুৰাৰি ৷ ৰাখী ভৱসাগৰে তাৰি ॥ ধ্রু॥ প্রভু হবি দুখিত বৎসল, ভকতৰ পৰম সম্বল। দুৰ্ব্বলীৰ একমাত্ৰ বল, দুৰ্জ্জনৰ দমনৰ স্থল ॥ সুৰাস্থৰ তপস্বীসকল, চিত্তে নিতে চৰণ কমল ॥ বিষয়ত হই হে পাগল, ভুঞ্জিলোঁ হে মধুৰ গৰল । নেজানিলে। কাৰ কিনে৷ ফল, ভৱসাগৰত গ'লোঁ তল ॥ ভয়ে এবে হইলোঁ বিহ্বল, তাৰাঁ দিহে চৰণ কমল ॥৯৩৷৷ সিন্ধু খাম্বাজ-যত্ । জীৱন-তৰি ভাসিল হে আজি মোৰ সংসাৰ সাগৰ মাজে। উঠিছে আকাশে মেঘ চোৱাঁ ঘন ঘন ঘন গাজে ॥ গুৰীয়াল বিবেক ক্ষীণ, নাৱৰীয়াৰ সাহ কম, ধৰ্ম্মৰ গাল ছিগি গই নাও বুৰে সাগৰৰ মাজে ॥ ভকতি ভাপ ঢুকাল, নাই বিশ্বাস এঙ্গাৰ, পাপ-পানী জোলোকে উঠি বুৰাইছে নাও সাগৰৰ মাজে ৷ মাজে বহি হৃদয়ব, হোঁৱ৷ তুমি কৰ্ণধাৰ, চলোৱা জীৱন-তৰী, সকলো ভয় গণাওক লাজে ॥৯৪॥ বাগেশ্রী——আড়াঠেক।। কলৈ গলাঁ দীননাথ, অধমক এৰি । আন্ধাৰ সংসাৰে আনি মাজতে লুকাল। হৰি !!