পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] গুণাধাৰ যিশু খৃষ্টে কৰিছিল বিন! কষ্টে, আপোনাক বিদ্ধ মহা শত্ৰুৰ ক্ৰছত ৷৷ যি বাঁহীৰ মাত শুনি, বুদ্ধদেৱ মহামুনি, এৰি ভাৰ্য্যা, পিতা, স্থত, সোমাল বনত ৷৷ যি বাঁহী শবদে সেই, পাপী জগাই মাধাই, বান্ধিলে শকত কৰি হিয়া ধৰ্মত ৷৷৮৮৷৷ সঙ্কীৰ্ত্তন। সদায় হৰি হৰি হৰি বুলি মাতচোন অ' মোৰ মন । হ’ব শীতল শৰীমন, সেই অমৃত কৰিলে পান। তেওঁৰ নামতে ভোল হই থাক, বাতি দিন জপিবি আক নেভাবিবি কাক, তেওঁৰ নাম গাই মৰি গ'লেও হ'ব সফল জীৱন ॥ যেতিয়া যমে আহি বান্ধিব অ' তোক। কত ৰব তোৰ ঘৰদুৱাৰ, ক’ত ব’ব তোৰ সুখ ? আই বোপায়ে বিদায় দিব অ 'সহায় মাথোন সেই চৰণ ॥৮৯৷৷ ৰামপ্রসাদী স্থৰ । মন কিয় ভোল হই থাকিলি মিছা মায়াত ? বন্ধা থাকি পিতাৰ চেনেহ পেলাই দিলি । সুখৰ লোভত ঘূৰি ঘূৰি ইমান দিন কত ফুৰিলি। এতিয়া অনন্ত সুখ ভুঞ্জিবলৈ পুৰুষাৰ্থ নকৰিলি।