পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 0 ] বাগিণী ঝিঁঝিট—তাল একতালা। দূৰে বহুদূৰে, স্বৰৰ্গ মাজে; প্ৰেমৰ মধুৰ মুৰলী বাজে। সেই প্ৰেমৰ বীণৰ মাতে, নাচিছে সাধুজনে হে ॥ নাচিছে পৰাণ, প্ৰেমৰ ৰৱে, জুবাইছে মন শান্তিৰ বাৱে, পাপ তাপ সব দূৰে যাৱে, মোহন বীণৰ তানে হে ॥ উঠা নৰনাৰী উঠাঁ হে সবে, প্ৰেমৰ ৰাজ্য থাপীহে ভবে, সবেও জাগোক প্ৰেমৰ ৰবে, বুকক বিমল প্ৰেমেহে ॥৭৫॥ বাগিণী বেহাগ--তাল আড়া। দুখৰ সংসাৰে হায় ! শান্তি কিয় খোজঁ। মন ? এই যে সংসাৰ্ধাম, নোহে জুৰাবৰ স্থান, অশান্তিৰে পৰিপূৰ্ণ সঁচা শান্তি নাই । সংসাৰ-জানি মাজে শান্তি কত কোৱাঁ !! - অমৃত সাগৰে যোৱা, যাব তাপ পাবা শাস্তি, বিমল আনন্দ পাবা সেই মুখ চাই ৷৷ ৭৬ ৷৷ কীৰ্ত্তন। ইকি শুনে৷ আজি হে? ঊঠিছে চাৰিউদিশে হৰিনাম ধ্বনি, হৰিনাম বাজে আৰু একো নুশুনি। আনন্দত নাচে আজি সকলো পৰাণী, শোক দুখ সকলোকে পাহৰিলে হে আজি । নাচিছে সকলে আজি ভক্তি সাজে সাজি।