পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩২ ] প্রভু হে কি কৰোঁ মই, মিছ৷ সংসারে, নিয়৷ মোক হে স্বৰ্গধামে ॥ ৭২ ॥ ৰাগিণী খাম্বাজ—চৌতাল ॥ গোৱাঁ হে হৰিনাম, তেওঁ হে প্ৰাণাৰাম, থই এৰি আন কাম, মুকলি মনে সদা গোয়াঁ ॥ কৃপা তেওঁৰ অঠাই সাগৰ, নাই তাৰ ইপাৰ সিপাৰ, হই অতি অজ্ঞান নৰ, কিয় সেই নাম নোলোৱা। কোলা পাতি মাতিছে আমাক, জুৰাওঁ গই পাপ-হিয়াক, মধুৰ হাত বঢ়াই কইছে, মোত শৰণ লোৱাঁ। আহাঁ ভাই যাওঁ সবে, ভক্তি ফুল লই হৃদে, প্ৰেম-ৰসে বুঝ গই দয়াময় নাম লোৱ! || ৭৩ ॥ বেহাগ—আড়া। প্ৰভু হে পাপীতাৰণ, আছে। প্রভু বহু দিন পাপে নিমগন । অসাৰ সংসাৰ-ডোলে, পাপী-প্রাণে বান্ধ খালে, মুগ্ধ সংসাৰৰ জালে, আছে। হই অচেতন ॥ কত প্ৰভু মহাপাপ, আচৰিছে। বহুকাল, কৰাঁ প্রভু পৰিত্ৰাণ, সি পাপ কৰাঁ খণ্ডন। বাঢ়ে যেন শুভ মতি, তব পদে বহে ৰতি, ই দাসৰ এই মিনতি, কৰাঁ হে প্রভু পূৰণ ॥ १ ॥