পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 08 ] সকলো বলীয়া প্রেম-সুৰা পান কৰি। নাই জ্ঞান বুদ্ধি হে । হৃদয় হইছে পূৰ প্ৰভুৰ ৰূপে, হৰি হৰি হবি বাজে আকাশ মাজে ৷ শুনি সি শব্দ পাপ দূৰে গল গুচি, দূৰে সুদূৰে হে ॥ ৭१ ॥ লক্ষ্ণৌ-ঠুংৰি। হে প্রভু ঈশ্বব আশ্রয় পাপীৰ, দিয়৷ শান্তি-কণা, কৰি পাপ দূৰ ৷ পাপ জুইয়ে মন, দহিছে পৰাণ, কৰাঁ চেঁচা প্রভু, কৰি শান্তি দান । পতিতপারন, ই পাতকী জন, মাতিছে তোমাক হই হে কাতৰ, হাত যোৰ কৰি, দাঁতে তৃণ ধৰি, ৰক্ষা কৰাঁ হবি, সাগৰে দুখৰ ৷৷ ৭৮ ॥ ভৈৰৱী খাম্বাজ-কাৱালী। স্বামী পুত্র কোন তব মায়াৰ সংসাৰে ! তুমি কোন, কিয় ভাবা ইমান অন্তৰে ৷৷ ধন জন যৌবন নকৰা অহঙ্কার। নিমিষে নিঠুৰ কালে শেহ কৰে তাৰ ৷৷