পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৩১ ] ৰাগিণী সিন্ধু বিজয়—তাল তেৱৰা । থিৰ মনে মন, গোৱঁ৷ হৰিনাম, জগতৰ পিতা আদি কাৰণ পূৰ্ণ সত্যময় । ওপৰে আকাশ, নীল যুগমীয়া, তলত বহল পৃথিবী। তাৰ মাজে বহি, গোৱঁ। নাম হৰি, ভক্তি প্ৰেম-ৰসে তিতি। শোক বেজাৰ, পাপ নিলগিব বিমল আনন্দ লভিবা। হিয়াৰ মাজত, শান্তি জুৰ ৰ’দে পোহৰি বিলাব সুখ-ছাঁ। বসন্তৰ আগমে, ই পৃথিবীৰ যেনে, হয় ন জীৱনৰ সঞ্চাৰ, তেনেকৈ হিয়াত, সুবৃত্তি সকলে, ফুলি প্ৰচাৰিব মহিমা তেওঁৰ ৷৷ ৭১ ৷৷ বাগিণী আসবাৰি টোড়ী-তাল তেওট। দিন যে গুচি যায় প্রভু মিছা। কাতৰে কান্দে হিয়া। আয়ুষ মোৰ নাথ, টুটিছে সঘনে, শান্তি যে নেপাওঁ পৰাণে। কত দিন প্রভু চাম আশা-বাট। দিয়৷ হে প্ৰেম অমীয়া ॥