পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৮ ] [ পাপীৰ বোকা পানীত, বুৰ গই কিয় মৰ। চকু মেল আজি, পূৰ্ণ পৱিত্ৰতা খনি দৰ্শন কৰ। ভৱসাগৰ-সাকোঁ তেওঁ, অবলম্বি হবি পাব॥৬॥ ৰাগিণী বিভাস—তাল কাৱালী। ধন্য তোমাৰ মহিমা, কোনে কৰিব বৰ্ণনা, লাখ মুখে ঘাটি মানি যায়। অলেখ পোহৰ তৰা, জোনাক কবি ই ধৰা, জোন, বেলি, গ্ৰহবোৰে কি মহিমা গায়? অসীম আকাশে হায়, বুকে লাখ তৰা লই অসীম মহিমা নাথ কেনেকৈ প্ৰচাৰে? ক্ষুদ্ৰ ই মানব-প্ৰাণে, চাই থাকে থিৰ মনে, সৰু হিয়| অসীমক ধৰিব নোৱাৰে। শুৱনী চৰাই বোৰে, শুৱলা শব্দ কৰে, শুনি প্ৰাণ উদাস যে হয়, অনন্ত ভাৱে আহি লাহে ভুমুকি মাৰেহি, জীৱে আৰু “শান্তি সুখ” নাই। প্ৰেম-সূৰ্য্য স্বপ্ৰকাশ, হিয়াৰ আন্ধাৰ নাশ কৰি দিয়ে অনন্তৰ ভাৱ। আৰু অসীম বিশ্বত, মনে যে নেপায় তত, অনন্তে মিলিব থোজে হই হে উধাও৷ সত্যৰ পোহৰ তুমি, প্ৰেমৰ আকৰ ভূমি, মঙ্গলৰ তুমি মূলাধাৰ!