পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৮ ] পাপীৰ বোকা পানীত, বুৰ গই কিয় মৰ। চকু মেল আজি, পূর্ণ পৱিত্ৰতা খনি দৰ্শন কৰ। ভৱসাগৰ-সাকোঁ তেওঁ, অবলম্বি হবি পাৰ ॥৬৬৷৷ বাগিণী বিভাস—তাল কারালী। ধন্য তোমাৰ মহিমা, কোনে কৰিব বর্ণনা, লাখ মুখে ঘাটি মানি যায়। অলেখ পোহৰ তৰা, জোনাক কৰি ই ধৰা, জোন, বেলি, গ্ৰহৰোৰে কি মহিম! গায় ? অসীম আকাশে হায়, বুকে লাখ তৰা লই অসীম মহিমা নাথ কেনেকৈ প্ৰচাৰে ? ক্ষুদ্র ই মানব-প্রাণে, চাই থাকে থিৰ মনে, সৰু হিয়া অসীমক ধৰিব নোৱাৰে । শুৱনী চৰাই বোৰে, শুৱলা শব্দ কৰে, শুনি প্রাণ উদাস যে হয়, অনন্ত ভাৱে আহি লাহে ভুমুকি মাৰেহি, জীৱে আৰু “শান্তি সুখ” নাই ৷ প্রেম-সূর্য্য স্বপ্রকাশ, হিয়াৰ আন্ধাৰ নাশ কৰি দিয়ে অনন্তৰ ভাৱ । আৰু অসীম বিশ্বত, মনে যে নেপায় তত, অনন্তে মিলিব খোজে হই হে উধাও৷ সত্যৰ পোহৰ তুমি, প্ৰেমৰ আকৰ ভূমি, মঙ্গলৰ তুমি মূলাধাৰ !