পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 39 ] পাপ জুয়ে মোৰ, জ্বলে হিয়া ঘোৰ, পুণ্য-পানী দিয়া হে । জুৰাওঁ হৃদয়, প্রেম-বস থাই সুখে নাম গাওঁ হে ॥৬৩ ॥ একতালা। অজ্ঞান অন্তৰ জগাঁ নিৰন্তৰ, হৰি হৰি নাম যতনে। হৰি হৰি হৰি নাম নেৰিবা জীৱনে মৰণে। ভাই নেৰিবা জীৱনে মৰণে ॥ সংসাৰ সাগৰ অপাৰ প্ৰায়, হৰি নাম নলে তৰিবা হেলায়, হৰি হৰি হৰি ( বুলি ) কৰা পাপক আঁতৰ। এৰ। ভয় কৃতান্তৰ, হৰি সোঁৱৰ অন্তৰ, সদা শয়নে, ভোজনে, গমনে ॥ ৬৪ | বাগিণী বাগেশ্ৰী—তাল আড়াঠেকা। কি সুখত কি দুখত সকলো সময়ে মই, তোমাৰ মহিমা দেখি থাকে৷ নাথ স্থিৰ হই। “অসীম বিশ্বত নাথ, অসীম মহিমা” —ঘাটি মানি যায় ভাবি মানুহ-কল্পনা। সকলো জগতে তোমাৰে মহিমা গায় ॥ ৬৫ ॥ বাগিণী বাহাৰ —– তাল কাৱালী । হে মন কি কুবুদ্ধি তোৰ । মোহে বুৰ গই, পাপ নদে মগ্ন হই স্বৰ্গ-পিতাক পাহৰ।