পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২৬ ] ওথ হিমালয় তুমিও গোৱঁাঁ, সঘনে চকুদি প্রেমাশ বোৱোৱাঁ আনন্দসাগৰে হই বলীয়া, হৰি গুণ গান কৰাঁ হে ॥ সুনীল আকাশে হই হে উধাও, কৰাঁ বিহঙ্গম মহিমা বাও, অসীম আকাশে তোলী হে ঢউ, গাই মহিমা-নিৰঞ্জন ৷৷ সাগৰ পৰ্ব্বত নদ নদী বন, লোৱা সকলোৱে তেওঁৰ নাম জগত ব্ৰহ্মাণ্ড কৰ৷ নিমগন, অঠাই সাগৰে হৰিনাম ॥৬০৷৷ ৰাগিণী সাহানা—তাল ধামাব । যেতিয়া ভাহো হে নাথ তোমাৰ অতুল রূপ-সাগৰে ৷ পূৰ্ণ প্রেমে বলীয়৷ হওঁ নাথ মই পাপী। সংসাৰ প্রলোভনে, নিদিয়ে কাণ মনে, হিয়৷-আকাশে, পোহৰ পুণ্য-জোনে-বিবাজে ॥ ৬১ ॥ শ্রীবাগ—(আলাপ) জয় ভকতৰঞ্জন, জয় দুখভঞ্জন জগজন তাৰণ, জয় পাপহাৰী ॥ কলুষ নিবাৰী, জয় দেৱ হৰি ৷৷ জয় মোহখণ্ডন, দুর্জন শমন, মধুহূদন, দৰ্পহাৰী ॥৬২৷৷ তুর্ক—একতালা। হৃদয়ৰ ধন, কঙ্গাল-শৰণ, দুখ বিমোচন হে। দিয়”। শুভমতি, কৰিছে৷ মিনতি, নাই আন ভিক্ষা হে ॥ সংসাৰ-জাৰণি,বাট কোন পিনে, নেদেখোঁ উপায় হে । সুপথ দেখাই, কু-আশ৷ গুছাই কৰ। প্ৰভু ত্ৰাণ হে ॥