পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 24 ] তেওঁৰ মুখ সুন্দৰ, হিয়াত উদিলে হে, পাপ তাপ ভয় শোক দূৰে যায়, ( আনন্দে উধাও হই ) -হিয়া বুৰে প্ৰেম-ৰসে হে । দেখিলে তেওঁর মুখ সংসাৰ পাহবে হে । আনন্দত আহি, পৱিত্ৰতা হাঁহি (পূর্ণ পরিত্ৰত৷) বহে হিয়া আসন ওপৰে ৷ হবিনাম জুয়ে ভাই পোৰাঁ পাপৰাশি হে, হিয়া-ফুলনিত,ফুল অগণিত, ( শুৱলা সাজে ) 'ফুলি শুৱায় হিয়াক হে। হৰিনাম গুণ অশেষ, হবি হবি বোলা হে, হবিনামে ভাই, শিল পমি যায়, ( ভকতি হীন) হিয়| বুৰে ভকতি-ৰসে। ব্যাকুল মাতেৰে ভাই, মাতা অবিৰাম হে, শুৱাবহি আহি, হিয়াসনে বহি, (ভাই পাপালৈ) হৰি অতি মৰমীয়াল হে | অনন্ত শকতি তেওঁ, অনন্ত মহান হে। পাপী তাপী তবে, শ্রীহৰি নামেৰে, (প্ৰেমত বলীয়া হই) বোল। হৰি হৰি বোল । হে ॥৫৭৷৷ বাগিণী বাহাৰ—তাল তেওৰা। আজি স্বৰ্গ-সঙ্গীত, পশিছে কাণত, মোহিলে হিয়াক হে। শুনি সেই সঙ্গীত, হিয়া হ'ল বিতত, আনন্দে ধমনী বহে বেগে হে।..