পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২७ ] ঘোৰ মোহ-জালে,চকু আবৰিলে,দেখিছোঁ ঘোৰ আন্ধাৰ ই ধৰ৷ সুখ শান্তি নাই জীৱনত, ৰাখাঁ হে সত্তাপনাশিনী ৷৷ ৫৪ ৷ -- ৰাগিণী সিন্ধুড়া খাম্বাজ — তাল ঢিমে তেতাল। দুখে যদি পাওঁ দেখা, দুখে থাকোঁ পৰি ৷ পাপ সুখ এৰি সকলো পাহৰি, ধৰমৰ বাট লওঁ মই হৰি। ভোল যেন হই, প্রেম-সুধা খাই, থাকে৷ যেন সদ। তযু মুখ চাই। দীনে দয়৷ কৰি, দেখা দিয়। হৰি, মাতে৷ নাথ তোমাক কাকূতি কৰি ৷৷ ৫৫ ॥ ৰাগিণী ঝিঁঝিট—তাল একতালা । হে নাথ, মোক আৰু নেৰিবা আৰু নেৰিবা । নেপাহৰিব৷ আৰু হে সথা সংসাৰ বনে নেৰিবা ৷ তুমি মোৰ প্ৰাণনাথ হে—সদায় মনে ৰাখিবা। এৰি নেযাব| অকলৈ মোক এৰি নেযাবা ॥ আৰু নেযাবা, জীৱন-সথা, আৰু নেযাবা। আক হে সখা, সংসাৰ-বনে নেৰিবা ৷ ৫৬ ॥ সঙ্কীৰ্ত্তন। প্ৰভুপদসেৱা সদ| মন অবোধ কৰাঁ হে । সুন্দৰ মুখ-পোহৰ যদি মন চাব খোজাঁ হে ।