পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] নিজীওঁ তোমা বিহনে, শান্তি নাই ই পৰাণে, নিঠনুৱা কৰি কিয় নেদেখা নাথ হলাঁ হে ॥৪৯৷৷ ৰাগিণী বিভাগ—তাল চৌতাল। ভাই চোৱা হে, মিছাতে তোমাৰ দিন যায় হে। মেল৷ চকু উঠা উঠা নেথাকিবা অচেতন ৷৷ মানুহ জনম ধৰি, হল। ভাই গাপাচাৰী, পাহৰিল৷ প্ৰাণ প্ৰভু, হিয়| পূৰিল। অসাৰেৰে হে ৷ কালকূটে ক্ষণে ক্ষণে, টুটাইছে আয়ু ঘনে, কিয় ভাই তেও ভোল, হায়! কি হব বিলাই তেনে ৷ শুনা হে স্বৰ্গ-বাণী, চোৱা প্ৰভু-মুখ পিনে, তেওঁৰ আশীষ লই, বল। হে যাওঁ সবে প্ৰভু-কাজে ৷ || C || বেহাগ—একতালা কি আছে সংশয় ? হৰি যাৰ জন্মদাত৷ তাৰ কিবা ভয় ? শমন শিয়ৰে যাৰ নাম শুনি, তেওঁ বিদ্যমান অখিল অবনী পৰিলে বিপদে মাতিবা কাতৰে, তাৰিব আহি নিশ্চয়। যদি যমে ডৰে, সুকৰুণ স্বৰে, কান্দি নিবেদিব। যত মনে ধৰে দয়ালু জনক তেতিক্ষণে আহি দিবেক অভয় ৷৷ কত মহাপাপী সংসাৰ তৰিছে,বিভু-রূপা গুণে মুকুতি লভিছে মাত৷ সবে মিলি, কৰিয়া কাকূতি, বুলি হৰি দয়াময় ॥ ৫১ ॥