পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২ ] সংসাৰৰ ধূলি, সংসাৰৰ মলি, সংসাৰৰ পাপ তাপ, সকলোৱে হায় ! খালে, প্রাণ যায়, দিয়ঁ। শান্তি দিয়াঁ নাথ | মান অভিমান গুছুৱাই প্ৰভু, ফুলুৱ। পছম পাহি। সংসাৰৰ ধূলি দিয়। মছি নাথ, মুখে দিয়৷ প্ৰেম-হাঁহি ॥৪৬৷ বাগিণী খট—তাল একতালা। জগত জীৱন দয়াল, আহিছোঁ তোমাৰ দুৱাৰে। নোৱাৰি সহিব নাথ হে, সন্তাপ যাতনা সংসাৰে ৷৷ দিয়া হে আশ্রয় দয়াল, তুমি যে বৰ মৰমীয়াল, আহিছোঁ হে নাথ আশাৰে, তোমাৰ অমৃত দুৱাৰে । পূজাৰ সঁজুলি হে হেৰি, একোকে নাই আমাৰ যে, সকলো হেৰালোঁ হে প্রভু, সংসাৰ-ঘোৰ-বন মাজে ॥ লোৱাঁহে আমাক লোৱাঁহে, তোমাৰ শান্তি নিকেতনে, সকলো সত্তাপ পাহৰি, থাকিম সদায় বঙ্গেৰে ৷৷ ৪৭ ৷৷ ৰাগিণী—মিশ্ৰ । নেজানোঁ কি গুণ আছে, মুখানি তোমাৰ যত চাওঁ হেঁপাহ নুগুছে নাথ মোৰ । একে থৰে থাকোঁ চাই, জ্ঞান বুদ্ধি শূন্য হই, তেও যে আমনি নাই,—আহা কি সুন্দৰ ৷৷ ৪৮ ৷৷ - ৰাগিণী খাম্বাজ মিশ্রিত – তাল যৎ । দীনবন্ধু দয়াসিন্ধু ক’ত লুকালা হে ? প্রাণ মন কিয় নিলাঁ হে ॥