পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 39 ] জয়জয়ন্তী—আড়া। প্ৰভু ! কি আছে আমাৰ, পূজিবৰ শকতি তযু ই চৰণ ? হৃদয়ৰ কোনে| চুকে নাই ভক্তি-বস নাথ, পাপে বুৰি সদায় আছে ই অজ্ঞান। মোকোলাই দিয়া মন, জ্ঞান-চাকি জ্বালি দিয়া; তোমাৰ ভাৱতে যেন ৰয় সদায় মন ॥ ৩৯ ॥ আশা ভৈৰবী—তাল ঠুংৰি । গুছিল মোৰ শোক, নাই হে আৰু দুখ, শীতল হ'ল মন প্রাণ। ভয় ভাৱনা আদি, পলাল দূৰে আজি প্ৰেমৰ থানী কৰি পান৷ বহি মোৰ হিয়াত, দিল। মোক জগাই, মোহ-টোপনি আজি গ'ল । তোমাত প্ৰভু আজি, আছে হৃদয় মজি, নেৰে। আৰু তযু চৰণ || 8 || ৰাগিণী বাৰোৱা—তাল ঠুংৰি। বিপদ-বন্ধু কত হে এতিয়া ? চোৱাঁ আহি, যায় আজি ই জীৱন । কলুষ-নৰকে, ভুগিছে যাতনা মনে, মোৰ প্ৰাণ সেই গুণে অথিৰ বলীয়া ॥