পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ se ] ভৈৰবী খাম্বাজ—কাৱালী । কিৰূপ দেখিলোঁ আজি হিয়াৰ মাজত। প্রেম-পাৰিজাত প্ৰেম-দেৱতা পদত ৷ প্ৰেমৰ মধুৰ হাঁহি, কথা সুমধুৰ ৷ প্ৰেমৰ জগত প্ৰেম-পোহৰেৰে পূৰ ৷৷ স্বৰ্গৰ পৱিত্ৰ প্ৰেম আজি ই হিয়াত। বহিব কেনেকৈ কোৱ। চিত সংসাৰত ॥ প্রাণ, মন দিলো প্রেম দেৱতা চৰণে। থাকিম সদায় সুখ প্ৰেমৰ সপোনে ৷৷ ৩৩ ॥ ৰাগিণী সাহানা—তাল যৎ। নিয়৷ প্রভু প্রেমধামে, চিৰ আশা পূৰোৱা হে । গভীৰ প্ৰেম-সাগৰে বুৰুৱা প্ৰভু অচিৰে ॥ স্বৰ্গ-সঙ্গীত শুনি, যাওঁ মন প্রাণ ভুলি, আতমা নিযুক্ত কৰাঁ ভক্তি-হ্রদে ভক্তি মনে ৷ মৃত দেহে পাম বল, পান কৰি প্ৰেম-জল, প্রেমপূর্ণ মূৰ্ত্তি দেখি আনন্দ লভিম প্ৰাণে ॥ কত রূপে মনোলোভা, আনন্দধামৰ শোভা, নিখিম বঙ্গ মনে সত্বৰে প্ৰভু নিয়| হে ॥ ৩৪ ॥ সঙ্কীৰ্ত্তন। হবি বোল৷ (অ ভাই ) হৰি হৰি বোলাঁ । হৰি নামৰ উজান বয় প্ৰেমৰ পাল তোলাঁ ॥ প্রেম-সুধা-জল হৃদয় ভৰি ভৰি মন আনা। পাপ তাপ সব দূৰে যাব বহিব সুখৰ মেলা ॥ ৩৫ ৷৷