পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[58] বাজিছে স্বৰ্গ-গীত, নবহে সংসাৰে চিত মন আজি অথিৰ চঞ্চল প্রভাতী মলয়া বহে, জগতে আনন্দে হাঁহে, সকলো যে সুন্দৰ সুন্দৰ ৷৷ ৩০ ॥ সিন্ধু ভৈৰবী—যত্। টেঙ্গৰ সংসাৰী তুমি বিষয়ী মাজে প্রধান । থকাতো ধনসম্পত্তি তুমি মগনীয়া সমান ৷৷ আমি সকলো তোমাৰ, পুত্র কন্য। পৰিয়াল, মিতিৰ, কুটুম, দাস, সকলো একে সমান ॥ সকলো দিছ| হে হৰি, জগত আছাঁ হে ধৰি, প্রভু তুমি হে সকলো গুণধাম ॥ ৩১ ॥ ৰাগিণী ইমন কল্যাণ—তাল জলদ তেতালা। দুখৰ হেমন্ত গণ, সুখ-বসন্ত আহিল । হিয়া-মঞ্জু-কুঞ্জ বনে, নিৰাশা-কুৱঁলি গ’ল, ভকতি-ফুল ফুলিল ৷ আশা-বতাহ বহিল। টিৰ জ্যোতি মনোলোভা, প্ৰকাশি কৰিলে শোভা, ডাৱৰেৰে ঢকা হিয়া, হ’ল নীল৷ নিৰ্মল। ফুলিল প্ৰেমৰ কলি, শুৱনী হে পাহি মেলি, পৰিল ই হিয়৷ হলি দেৱতা-পদে কমল ॥ ৩২ ॥