পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৩ ] যাক মই বন্ধু বুলি, দেখালে। হৃদয় মেলি, এৰি গ'ল জাৰণিত, কৰাঁ মোক পৰিত্ৰাণ ॥ ২৭ ॥ পিলু মুলতান—থেম্‌টা। স্বৰ্গ-সঙ্গীত গোৱ৷ হে থিব মনে। বৰষিব সুধা কাণে, হৰি গুণ গানে ॥ প্রাণ বলীয়া হ'ব হে, হিয়৷ পূৰিব প্ৰেমেৰে, পাবা সুখ, যাব দুখ, গোৱাঁ বিভু গান এ ॥ ২৮ ॥ ৰাগিণী কালাংগা—তাল কাৱালী । প্রেম পবশনে হিয়া-কেতেকী ফুলিল হে। গোন্ধে মল্‌মলাইছে দশোদিশ আজি হে ॥ ফুলৰ ওপৰে আহি, প্রেমিক ভোমোৰা বহি গাইছে, নাচিছে ঘনে, আনন্দে উধাও হে ৷৷ ২৯ ৷৷ প্ৰভু মুখ চাই চাই, আছে৷ একে থৰে ৰই আমনি যে নাই—কি সুন্দৰ। প্ৰভুৰ সুন্দৰ ৰূপে, হিয়াক মুহি পেলালে হিয়৷ আজি প্ৰেমত মগন ৷৷ রূপ-মধু খাই খাই, প্ৰেমত বলীয়া হই হিয়া আজি আনন্দে বিভোৰ । 2