পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১ ] আড়ানা বাহাৰ-একতালা। কি মতে জনাবে৷ মই যাতনা যত অন্তৰে। দহিছে হৃদয়তন্ত্ৰ মহাপাতক নিকৰে ৷৷ অমৃত ভাবিয়| গৰল ভক্ষিলে৷ নিচিনিলোঁ এই চকুৰে ৷৷ এতিয়া প্ৰভু সহিব নোৱাৰোঁ পুৰিব ধৰিছে অন্তৰ ৷৷ তুমি কৃপা কৰি আপোনাৰ গুণে কৰা পাৰ ভৱ-সাগৰে ৷৷ ২৫ ৷৷ বাগেশ্রী—আড়া। সংসাৰ-জাৰনি মাজে আমি অতি হীন নৰ। গুছুর। পাপ-কুঁৱলী হৃদয় হোক পোহৰ । বুৰি আছে। বিষয়ত, নেপাওঁ একোতে তত্ জীৱ যায় ভাবনাত, চকুৰে দেখোঁ এন্ধাৰ ॥ সদায় চকু-লো বই, নিলে মোক উতুৱাই । দপানী-পাকত গই, জীৱে খালে থৰ, মৰু ॥ কৰ৷ প্ৰভু দয়া দান, ৰঙ্গত নাচক মন, গাওঁ বহি গুণ-গান, থাকি সদ৷ একে থৰ ॥ ২৬ ॥ -- ললিত – আড়া। ক'ত আছ৷ শান্তিদাতা, কৰাঁ শান্তি-পানী দান ৷ সদা পাপ-জুয়ে প্রভু জ্বলিছে আমাৰ পাপ-পৰাণ ॥ তুমি কৃপা নকৰিলে, মৰিলোঁ নাথ সমূলে, তোমাৰ শান্তিৰ কোলে, দিয়াহে পাপীক স্থান ।