পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[>] আলেয়া—যত্। প্ৰভু দিয়ঁ। দৰ্শন। তোমাৰ দৰ্শনে পাওঁ প্ৰভু নতুন জীৱন ॥ সংসাৰৰ সুখ ভোগ, পাহৰোঁ দেখিলে মুখ শান্তি-সুধা পান কৰি ভুলে। পাপ-দুখ ॥ আনন্দ-সাগবে মজি, সকলে৷ গই পাহৰি, ভোল হওঁ তযু অপরূপ রূপ হেৰি। নবহে সংসাৰে মন। নোখোজে হৃদয়ে ধন, খোজে মুঠে তোমাৰ সেই প্ৰেমানন ৷৷ ১৯ ৷৷ খাম্বাজ মিশ্র—একতালা। ইকি অপরূপ রূপ হিয়াৰ মাজত । পবিত্র আনন্দ ছবি, পূৰ্ণ সুন্দৰ নিৰখি, আজি কিয় হলোঁ মই প্ৰেমত নিমাত ! পাপতাপ দুবে গেল, সুবৃত্তি-ফুল ফুলিল, পৱিত্ৰ আনন্দ, প্ৰেমৰ মই তলিত ! অনন্ত বাসন৷ আজি, হই সবে একমুখী, খোজে মিলি যাব সেই ছবিৰ বুকুত ৷৷ ২০ ॥ ৰাগিণী ভৈৰবী-তাল কাৱালী । অঠাই ভৱ-সাগৰে, তাৰ। হে তাৰাঁ হে । কৃপাময় নাও দি তাৰাঁ হে, তাৰাঁ হে ॥ সত্তাপনিবাৰণ, কুবুদ্ধিবিনাশন দুখৰ এন্ধাৰ নিশা দুখ দূৰ কৰাঁহে ৷৷ ২১ ৷৷