পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মন ভজ। সদা হৰি, জিবা তুমি গোৱাঁ হৰি, পাপ-বেজাৰ পাহৰি, হোৱ৷ তাতেই মগন । —লভিবা সুন্দৰ জ্ঞান, শুচি হব মনপ্রাণ, হৃদয়-পুখুৰী মাজে হাঁহিব পদুম ফুল ৷৷ ১৬ ৷৷ ললিত—কাৱালী শুভ দিনে পূজেঁ। হৰি ভক্তিভাৱে তব পদ। পূৰোৱ৷ মনৰ আশা কৰি সদা নিৰাপদ ৷৷ আমি আতি হীনমতি, তুমি অগতিৰ গতি। দিয়ঁ। প্ৰভু শুভ মতি, গুছুৱ। পাপ বিষাদ ॥ তব পাদপদ্মে পৰি, মাতিছে৷ কাকূতি কৰি। গুছি অজ্ঞানতা অবিৰ হওক জ্ঞান উদিত ॥ কৃপা-বাৰি কৰা দান, সুখত ভাসক প্ৰাণ, হক দয়াময় শুভ অতি মন-সাধ ॥ ১৭ ॥ জয়জয়ন্তী—ঝাঁপতাল । পাপৰ যাতনা প্রভু, নোৱাৰে। সহিব আৰু হৃদয়ত নাই শান্তি, সদায় পাপ-যাতনা । অকিঞ্চন নাই মোৰ, সংসাৰৰ মাজে ঘোৰ কাৰ পিনে চাম প্রভু, কোনে নে| কৰিব দয়া ॥ হে প্রভু দীনশৰণ, পাপসত্তাপহৰণ, দৰ্শন দিয়৷ নাথ, গুছুক পাপযাতনা ॥১৮৷৷