পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 9 ] তাপিত হৃদয় যাব, মহুঁ৷ আজি অশ্ৰুধাৰ, —নুমাব বিৰহ-জুই বহু দিন পাছে ৷৷ মন-আকাশৰ মাজে, কি সুন্দৰ গীত বাজে, আনন্দে জগৎ আজি কি শুৱলা ৰূপে সাজে। আজি পুণ্য দিনে ভাই, শান্তিৰ ঘৰলৈ গই জুৰাম তপত প্ৰাণ ঈশ-মুখ চাই ॥ ১১ ॥ ॥ বাগিণী বেহাগ—আড়া। সংসাৰ-জাৰণি মাজে, যেতিয়া যিফালে চাওঁ । এন্ধাৰেৰে ভৰা ধৰা চাৰিদিশে দেখাপাওঁ। হিংসা দ্বেষ আদি কবি, পাপ-জাল আছে পৰি, দুৰ্ব্বল এলাহ আক শতুক দেখিব পাওঁ৷ দিয়। বৰ দয়া কৰি, কপাৰ সাগৰ হৰি, কৰ্ত্তব্য সোৱ ৰে৷ দিনে, তব মন্ত্রে দীক্ষা লওঁ ॥ ১২ ॥ ৰাগিণী খাম্বাজ—তাল একতালা । মিনতি কৰিছোঁ কৰযোৰ কৰি, কৰাঁ কৃপা হবি, ৰাখিবা সদা চৰণে। অধম জনে; মনৰ আন্ধাৰে পৰি আমি নৰ, ক্ষেমিবা সিসব দোষ অধমৰ, কত অপৰাধ কৰিছোঁ ঈশ্বৰ, দয়া কৰি তুমি আপোন গুণে। ৰাখিব৷ সদা চৰণে। পৰহিতে যেন থাকে সদা মন, তযু পদে প্রভু এই নিবেদন, পৰৰ কাৰণে কান্দে যেন প্রাণ, নাহি আন বাঞ্চা আমাৰ মনে । —ৰাখিবা সদা চৰণে ৷৷ ১৩ ৷৷