পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 8 ] বাগিণী ভৈৰবী—তাল একতালা। পশ্চিম আকাশে, ৰাতি হই গ'ল লীন। দূৰে পূব পিনে, আনন্দিত মনে, উঠে বেলি বঙ্গ মনে। চৰাই চিৰিকটি, ফৰিঙ্গ ফিৰিঙ্গটি সবে পালে নব প্রাণ। বিভু গুণ গাই, ভুবন ভুলাই নিজ কামে দিলে মন । পুখুৰীৰ মাজে, পছমেও কেনে, হালি বিভু-গুণ গায় । বনত গোলাপে, প্রাতঃবায়ু লগে, হৰিৰ মহিমা গায়। বিনীত ভাৱেৰে, মাতি কৰযোৰে, পৱিত্ৰ সৰল হই। বিভু নাম গাই, অতি সুখী হই স্বকাজ সাধাঁ এবে গই ॥ ৬ ॥ ৰাগ ভৈৰব—তাল ঠুংৰি । উঠ৷ চুবুৰীয়া, নিশা শেষ হ’ল, উঠা সবে লই ঈশনাম। গোৱাঁ ঈশনাম মজোক পৰাণ সিজক শুভ মনঃকাম ।