পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ] ৰাগ ভৈৰব—তাল ঠুংৰি ৷ জয় বিশ্বপালক, বিপদ-হাৰক জয় নৰনাৰীৰ পালক হে। সুখৰ প্রভাতে, মাতো যোৰহাতে, কৰাঁ প্ৰভু রূপা জল দান হে ॥ বাঢ়োক সুমতি, ভকতি মুকুতি প্রেমদাতা হে । ভক্তি-ৰসে মজি, তব পদে মতি, তব পদ পূজি, পাওঁ শান্তি-সুধা যেন সদা হে ॥ 8 ॥ বাগিণী ললিত—তাল একতালা। ধীৰ মলয়া বাও, বলিছে, বলিছে আজি ধীৰ ৷ সুললিত স্থৰে মুহি জগজনে, ধীৰে গান কৰে বিহঙ্গমগণে॥ মধুৰ হাঁহিছে, তরুণ তপনে, আনন্দে নাশি এন্ধাৰ, শান্তিৰ কোলাত, সুখে মগন, ধীৰে আলোকিত নীল গগন । হ'ল সোণোৱালী সাজে শোভন মোহন সুন্দর রূপে । হৰিৰ নামব মহিমাক গাই, গূঢ় মহামন্ত্র হৰি নাম লই, ভক্তসকলৰ কাণত শুনায়, ধীৰে ধীৰে অতি ধীৰে । তুমিও হে মন সহিত ভকত, হৰিৰ চৰণে সঁপি প্রাণচিত, গোৱাঁ হৰিনাম আনন্দিত মনে, পাব৷ সুখ অতি অন্তৰে ৷৷ ৫ !!