পৃষ্ঠা:ধৰ্ম্ম সঙ্গীত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 2 ] ৰাগিণী টোড়ি—আড়াঠেকা। এন্ধাৰ ওৰণি ঠেলি পোহৰ বেলি ওলাল। ধীৰ সমীৰ বলিছে লাহে লাহে । বিহঙ্গমগণে ঈশ গান কৰে। মন হোৱ| মগন অমৃত সাগৰে—আনন্দময় নীৰে ॥ ২॥ ৰাগ ভৈবব—তাল একতালা। ৰাতি যায় যায়, এবে উঠি ভাই, কৰাঁ বিভু গুণ গান। ধীৰে ধীৰে চোৱাঁ নিশা শেষ হয়। চোৱা হেৰা দিনমণিৰ উদয়, নিজ কাজ সাধি প্রফুল্ল হৃদয়ে উদিছে শোভি গগণ । গভীৰ নিশাৰ গভীৰতাময় মনোহৰ ভাম গালে এবে লয়, সুখ-প্রাণে প্রাণী, পশুপক্ষীচয় উঠে আনন্দিত মন | বিভু গুণ গানে পূৰোৱ৷ ভুবন, বিভু-বসে মজি নাচোক পরাণ, সুখৰ প্রভাতে হই এক প্রাণ, উৰুৱা প্ৰেম-নিছান ॥ হৰিনামে হ'ব মহা পাপ ক্ষয়, ভষ্মীভূত হ’ব কুবাসনাচয়, প্রেম-সুধা পান কৰিব হৃদয়, আনন্দে হ'ব মগন ॥ ৩॥