পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৮ )

যুধিষ্ঠিৰ নৃপতিক জানে সৰ্ব্বজন।
আমিও জানিয়া পোছো শুনা যি কাৰণ॥
বৃদ্ধ ভৈলো ক্ষুধায়ে তৃষায়ে প্ৰাণ যাই৷
ভিক্ষা মাগি ফুৰোঁ গাৱে শ্ৰুতি জ্ঞান নাই॥
ক্ষুধাতুৰ বৃদ্ধৰ নাহিকে তত্ত্ববোধ
এতেকে পুছিলোঁ মোক নকৰিবা ক্ৰোধ॥
ভীমে বোলে হোক যদি ক্ষুধাতুৰ জন।
তোক জানো মোৰ যেন নোযোৰয় অন॥
অষ্টাধিক শত ব্ৰাহ্মণক প্ৰতি নিতে।
ভুঞ্জাৱে নৃপতি স্বৰ্ণ পাত্ৰে সমন্নিতে॥
আনো যত দুঃখী ভূখী ভুঞ্জে অসংখ্যাত।
তই কেন ভুঞ্জিবাক নোখোজা আমাত॥
নৃপতিৰ বাতৰিক পোছ কি কাৰণ।
নিয়াশু চাণ্ডালে পাছে বুলিলা বচন॥
হওঁ ক্ষুধাতুৰ মই অতিথি চাণ্ডাল।
নৃপতিক দৰশনে মোৰ হৱে ভাল॥
ভীমসেনে বোলে অৰে শুন অন্ত্যজাতি।
চাৰি জাতিত তই যে বৰ্ণ হীন আতি॥
আমাৰ ৰাজাক কেনে দেখিবাক চাস।
বনৰ বানৰ হুয়া নাৰিকল খাস॥