পৃষ্ঠা:ধৰ্ম্ম সংবাদ.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭ )

কোনবা নৃপতি ইটো নগৰে আছন্ত।
হেন শুনি ভীমসেন ক্ৰোদ্ধে মাতিলন্ত॥
কি কাৰণে পোছ অৰে তই কোন জন।
পৰিহাসে পোছ জানো ইসৱ বচন॥
যুধিষ্ঠিৰ নৃপতিৰ হস্তীনা নগৰী
ত্ৰৈলোক্যৰ লোকে আক জানে নিষ্টকৰি॥
দ্বাৰত থাকিয়া তই কেনে নজানস।
তিনি লোক বিনা কোন লোকত থাকহ॥
তই জোনো মোৰ আগে নজানি পোছস।
বায়ুৰ পুত্ৰৰ কিছু আটা নতুপাস॥
যাহাৰ ক্ৰোদ্ধক সুৰাসুৰে কৰে ত্ৰাস।
হেন বায়ু পুত্ৰক কৰস পৰিহাস॥
মহা দানী মানী যুধিষ্ঠিৰ নৃপবৰ।
ত্ৰৈলোক্যৰ লোকে আক জানে নিৰন্তৰ॥
জানি কি নাজানি পোছ কোঠেৰ চাণ্ডাল।
স্বৰূপ কৰিয়া মোত কহা ভালে ভাল॥
মায়াবি চণ্ডালে পাছে বুলিলা বচন
ভেৰিৰ শবদ যায় একৈক যোজন॥
মেঘৰ শবদ যাই বাইচ যে যোজন
দানিৰ যশস্যা যাই চৌধয় ভুবন॥